MENU

Fun & Interesting

হোটেল ব্যৱসায়েৰে পৰিয়াল পোহপাল জনপ্ৰিয় কামৰূপী লোকগীতৰ শিল্পী মাধৱ হালৈৰ ।

ityadi A To Z 266 4 days ago
Video Not Working? Fix It Now

হোটেল ব্যৱসায়েৰে পৰিয়াল পোহপাল জনপ্ৰিয় কামৰূপী লোকগীতৰ শিল্পী মাধৱ হালৈৰ । জীৱনৰ প্ৰায় ৩০ টা বসন্ত দোতাৰাটোক সম্বল হিচাপে লৈ চলাই নিছে লোকসংস্কৃতিৰ সাধনা । সুধাকন্ঠ ড° ভূপেন হাজৰিকা, প্ৰতিমা পাণ্ডে বৰুৱা, প্ৰভাত শৰ্মাৰ লগতে অসমৰ প্ৰায়বোৰ জনপ্ৰিয় শিল্পীৰ সান্নিধ্য লাভ কৰিছিল মাধৱ হালৈয়ে । নলবাৰীৰ বৰজাৰৰ বাসিন্দা মাধৱ হালৈয়ে ৯০ দশকতেই গুৱাহাটীলৈ গৈ সাধাৰণভাৱে আৰম্ভ কৰিছিল চাহ হোটেল । গুৱাহাটীৰ গীতানগৰত মাধৱ হালৈৰ বিমলা হোটেলৰ গাতে লাগি আছিল ভূপেন উজীৰ আৰু শান্তা উজীৰৰ অসমৰ দ্বিতীয়টো ৰেকৰ্ডিং শ্বুডিঅ' অডিটেক । খগেন মহন্ত , সূৰ্য্য দাস, জুবিন গাৰ্গ, মানস ৰবীনৰ পৰা আদি কৰি ন পুৰণি প্ৰায়বোৰ শিল্পীয়েই গীত ৰেকৰ্ডিং কৰিবলৈ অহা সূত্ৰেই মাধৱ হালৈৰ সৈতে গঢ়ি উঠিছিল নিবিড় সম্পৰ্ক , তেওঁলোকৰ প্ৰেৰণাতেই ১৯৯২ চনত মাধৱ হালৈয়ে প্ৰথমখন কামৰূপী লোকগীতৰ কেছেট দৈৱকী নন্দন" বাণীৱন্ধন কৰিছিল । ইয়াৰ পিছৰ পৰ্যায়ত প্ৰায় ৬ খনকৈ লোকগীতৰ কেছেট মুকলি কৰিছিল হালৈয়ে। গুৱাহাটীৰ গীতানগৰত বিমলা হোটেলৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লী, মুম্বাই, উৰিষ্যা , কৰ্ণাটক আদিতো বিশিষ্ট লোকগীতৰ শিল্পী প্ৰভাত শৰ্মাৰ সৈতে লোকসংগীতৰ অনুষ্ঠান পৰিৱেশন কৰে । সময়ৰ লগে লগে লোকসংগীতৰ আদৰ কমি অহাত গুৱাহাটীৰ পৰা উভতি নিজ জন্মগাও নলবাৰী জিলাৰ বৰজাৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিতেই মা বিমলা এণ্ড হালৈ ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে লোকসংগীত শিল্পী মাধৱ হালৈয়ে । বৰমাৰ পৰা দিলীপ কুমাৰ হালৈৰ ৰিপোৰ্ট

Comment