MENU

Fun & Interesting

সুধাকণ্ঠ স্মৰণ

সুহৃদ The Friends 44 lượt xem 3 years ago
Video Not Working? Fix It Now

ডিব্ৰুগড়ৰ এক অন্যতম স্বেচ্ছাসেৱী সংগঠন সুহৃদ আৰু মূৰ্চনা সংগীত বিদ্যালয়ৰ যৌথ উদ্যোগত চৌকিডিংগস্থিত মূৰ্চনা সংগীত বিদ্যালয়ৰ প্ৰাংগণত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিন পালন কৰা হয়। গীত আৰু কথাৰে সজাই তোলা এই অনুষ্ঠানত আৰম্ভণিতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সুহৃদৰ উপসভাপতি তথা যোগ বিশাৰদ যতীন কোঁৱৰে । ভূপেন হাজৰিকাৰ গীতৰ মাধুৰ্য আৰু সুৰ সম্পৰ্কে এক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক উপ পঞ্জীয়ক ডঃ বিনোদ চন্দ্ৰ বড়াই।ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি ভূপেন হাজৰিকাৰ দুটিকৈ গীত পৰিবেশন কৰে ।সংগীত শিল্পী ভূৱন গগৈৰ পৰিচালনাত ভূপেন হাজৰিকাৰ গীতসমূহ পৰিবেশন কৰে মূৰ্চনা বড়া, সমীক্ষা শৰ্মা, ভাৱনা গগৈ,চাইনা কাশ্যপ, অদ্ৰিজা গগৈ,প্ৰতীক্ষা শইকীয়া, প্ৰজ্ঞামঞ্জুৰী গগৈ ,ৰিটিকা শংখ গগৈ আদিয়ে । এই অনুষ্ঠানতেই মেণ্ডোলিন বাদন কৰে মানৱ গগৈয়ে। বাদ্যশিল্পী ৰূপে সহযোগ আগবঢ়ায় কুঞ্জল বৰপাত্ৰ গোহাঁই, কৃষ্ণ কমল বৰুৱা আৰু অৰ্জুন ৰাজ দাসে। সুমন দত্তই পৰিচালনা কৰা এই অনুষ্ঠানৰ শেষত ভূৱন গগৈৰ নেতৃত্বত এটি সমবেত সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

Comment