MENU

Fun & Interesting

চামতাত নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ ক্ৰিকেট প্ৰতিযোগিতা ....

ityadi A To Z 10 3 days ago
Video Not Working? Fix It Now

# চামতাত নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ ক্ৰিকেট প্ৰতিযোগিতা : # পশ্চিম নলবাৰী শিক্ষা খণ্ডক হৰৱাই বৰক্ষেত্ৰী শিক্ষা খণ্ড ছেম্পিয়ন : #জিলা খনৰ ৮ টা শিক্ষা বিষয়াৰ কাৰ্যালয়ে অংশ লৈছে প্ৰতিযোগিতাত : ২২ ফেব্ৰুৱাৰী :- নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত আজি চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হয় নলবাৰী জিলা আন্ত: শিক্ষা বিষয়া কাৰ্যালয় একাদশ ক্ৰিকেট প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশে পশ্চিম নলবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশক পৰাজিত কৰি ৭ উইকেটত জয়লাভ কৰিছে৷৷ চূড়ান্ত খেল খনত প্ৰথমে বেট ধৰি পশ্চিম নলবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশে নিৰ্ধাৰিত ৬ অভাৰত ৫ উইকেটৰ বিনিময়ত ৬০ ৰাণ সংগ্ৰহ কৰে ৷ প্ৰত্তুত্যৰত বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশে ৩ উইকেতৰ বিনিময়ত সম্পূৰ্ণ অভাৰত বিজয় লক্ষ্যত উপনিত হয় ৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বটা লাভ কৰে পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ কমলেন্দ্ৰ ভৰালীয়ে ৷ শ্ৰেষ্ঠ বেটচমেন বঁটা লাভ কৰে পূৱ নলবাৰী এ প্ৰাথমিক শিক্ষা খণ্ডৰ দিপাংকৰ দৈমাৰীয়ে ৷ চূড়ান্ত খেলৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ ৰতুল হালৈয়ে ৷ মিন্টু বৰ্মনে আত ধৰা বটা বিতৰণি সভাত নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত ডেকা, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি যতীন শৰ্মা, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্য, ভৱেশ তালুকদাৰ, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিত্যানন্দ শৰ্মা, চামতা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক গোলাপ হুছেইন, স্থানীয় ৰূপীয়া বাথান গাওঁৰ গাওঁ প্ৰধান অতুল ভূঞা অতাথি হিচাবে উপস্থিত থাকে ৷ ছেম্পিয়ন দলক ট্ৰফী প্ৰদান কৰে যতীন শৰ্মা, সীমান্ত ডেকাই ৷ ৰানাৰ্চ দ’লক ট্ৰফী প্ৰদান কৰে শিক্ষক ৰাজেন বৈশ্যই ৷ সিমিত অভাৰৰ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা খনত জিলা খনৰ ৮ টা শিক্ষা বিষয়া কাৰ্যালয়ে ক্ৰমে নলবাৰী জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয় একাদশ, নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশ, নলবাৰী জিলাৰ বিদ্যালয় সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয় একাদশ, পশ্চিম নলবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশ, বৰিগোগ বনভাগ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশ, বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশ, পূৱ নলবাৰী টিহু খণ্ড প্ৰাথমিক শিক্ষা শিক্ষা বিষয়া কাৰ্যালয় একাদশ, পূৱ নলবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশে অংশ লৈছিল ৷ প্ৰতিযোগিতাৰ প্ৰতিটো দলত কাৰ্যালয়ৰ বিষয়া, কাৰ্যালয় সহায়ক, কৰ্মচাৰী আৰু একাংশ পাৰদৰ্শী শিক্ষকে অংশ গ্ৰহন কৰিছে ৷

Comment