এজন অসমীয়া খেতিয়ক ,বছৰি উপাৰ্জন কৰে ২০ লাখ টকা rich farmer
সৰিয়হৰ হালধীয়া সাগৰৰ মাজত লুকাই আছে এজন খেতিয়কৰ ঠিকনা ৷ তেওঁৰ চেষ্টাতে এটা সোৱণশিৰি নদীৰ বালিচৰ এতিয়া শইচেৰে হৈ পৰিছে উভৈনদী ৷
আজি আমি সাক্ষাৎ কৰিবলৈ আহিছো এনে এজন কৰ্মঠ খেতিয়কক যাৰ হাতৰ পৰশত সৰিয়হৰ পৰা গাজৰলৈকে নানা শাকপাচলিৰে উজ্জীৱিত হৈ আছে নৈ পৰীয়া ৬০ বিঘা মাটি ৷
লক্ষী গগৈ নামৰ এই খেতিয়কজনে সোৱণশিৰি নদীৰ পাৰৰ ফেচু চাপৰিত খেতি কৰি প্ৰতিবছৰে উপাৰ্জন কৰে ২০ লাখৰো অধিক টকা। প্ৰতিবছৰে সাত লাখ টকাৰ আলু ,পাঁচলাখ টকাৰ ৰঙলাও , ডেৰ লাখ টকাৰ সৰিয়হ আৰু সাতলাখৰো অধিক টকাৰ কবি ব’ক’লি বিলাহী গাজৰ মটৰ আদি বিক্ৰী কৰে ৷
অহৰহ তেওঁৰ লগত খেতি পথাৰত ব্যস্ত হৈ থাকে ১০ জনকৈ কৰ্মচাৰী ৷ লক্ষী গগৈয়ে উৎপাদন কৰা চুগাৰ ফ্ৰি আলু আৰু উন্নত প্ৰজাতিৰ ৰঙালাউ বিক্ৰী হয় দেশৰ বিভিন্ন প্ৰান্তত ৷খেতিয়কজনকে আদৰ্শ হিচাবে লৈ বহু লোকে এতিয়া শশ বিঘা চাপৰিৰ মাটিত আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷
আহকচোন সফল খেতিয়ক লক্ষী গগৈৰ মনৰ কথা জানো ৷
uparjan.in