MENU

Fun & Interesting

Bhupen Hazarika golden collection | 5 song | ভূপেন হাজৰিকাৰ গীত | Assamese song Jukebox

Video Not Working? Fix It Now

Bhupen Hazarika golden collection | 5 song | ভূপেন হাজৰিকাৰ গীত | Assamese song Jukebox any business enquiry email - [email protected] Download all song https://oncehelp.com/786444 https://oncehelp.com/786444 https://oncehelp.com/786444 https://oncehelp.com/786444 Download the app and get money 🤑💰 Download the App Now: https://rushbyhike.app.link/wrdmpTD0yJb Time line 0:00 অ" মোৰ ধৰিত্ৰী আই 4:12 আকাশী গংগা বিচৰা নাই 7:40 মই এটি যাযাবৰ 10:58 কহুৱা বন 14:42 সাগৰ সংগমত More collections of Bhupen Hazarika https://youtu.be/A_8NDYl_3xU Lyrics 1st song - অ’ মোৰ ধৰিত্ৰী আই অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলা আই অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলা আই; ৰ’দ-বৰষুণ কাতি কৰি ঘাম পেলাই চহ কৰি তোমাৰ বুকুৰ সোণ চপাওঁ আনে নিয়ে কাঢ়ি ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আই আমি নিৰুপায়; মাটিকে সাবটি ধৰি মাটিকে সাৰথি কৰি মাটিৰ বুকুত শোণিত ঢালো জিৰণি পাহৰি…. ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আই আমি নিৰুপায়; মই হ’লো মাউৰা ল’ৰা মোৰ আই নাই কাবৌ কৰো ধৰিত্ৰী মোৰ তুমি হ’বা আই মই হ’লো মাউৰা ল’ৰা মোৰ আই নাই কাবৌ কৰো ধৰিত্ৰী মোৰ তুমি হ’বা আই মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ-যুগৰ কৃষক মাটিৰ মিলনত দিয়ে অন্তৰায় অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলা আই…. দয়া কৰা দয়াশীলা আই…. দয়া কৰা দয়াশীলা আই…. Lyrics of 2nd song আকাশী গংগা বিছৰা নাই নাই বিছৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ, আকাশী গংগা বিছৰা নাই….. মহা মহা সাগৰৰে কতনা লহৰ লেখিলো, মহা মহা নগৰীতে কতনা বাট হেৰোৱালো, মৰম জ্যোতিৰ পম খেদি খেদি, মৰম জ্যোতিৰ পম খেদি খেদি, বোৱালো গুপুতে অশ্ৰুধাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিছাৰো মৰমৰ মাত এষাৰ, আকাশী গংগা বিছৰা নাই….. হয়তু নিতৌ হেজাৰ জনৰ হেজাৰ শৰাই পাওঁ, তথাপি কিয় বিশেষজনৰ মৰম বিছাৰি যাওঁ, মহা মহা নাটঘৰে ঘৰে কণ্ঠ শোণিত নিগৰালো, মহা মহা শ্ৰুতা জনতাৰে মুখত হাঁহি বিৰিঙালো, ধ্বনিত মৌন পৰত কোনেনো ধ্বনিত মৌন পৰত কোনেনো পাতলাব মোৰ দুখৰে ভাগ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিছাৰো মৰমৰ মাত এষাৰ, আকাশী গংগা বিছৰা নাই নাই বিছৰা স্বৰ্ণ অলংকাৰ…. Lyrics of 3rd song মই এটি যাযাবৰ মই এটি যাযাবৰ, ধৰাৰ দিহিঙে-দিপাঙে লৱৰো নিবিছাৰি নিজা ঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ…. মই লুইতৰ পৰা মিছিছিপি হৈ ভল্গাৰে ৰূপ চালো, অতোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ল’লো, মই ইলোৰাৰ পৰা পুৰণি ৰহণ চিকাগোলে কঢ়িয়ালো, গালিবৰ শ্বেৰ দুচম্বেৰ মীনাৰত শুনা পালো মাৰ্কটুৱেনৰ সমাধিত বহি গৰ্কীৰ কথা ক’লো, বাৰে বাৰে দেখো বাটৰ মানুহো আপোন হৈছে পৰ, সেয়ে মই যাযাবৰ সেয়ে মই যাযাবৰ…. বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ, ৰঙৰ খনি য’তেই দেখিছো ভগাই দিয়াৰ মন, বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ, ৰঙৰ খনি য’তেই দেখিছো ভগাই দিয়াৰ মন, মই দেখিছো অনেক গগণ চুম্বী অট্টালিকাৰ শাৰী, তাৰ ছাঁতেই দেখিছো ক’তনা গৃহহীন নৰ-নাৰী, মই দেখিছো কিছো ঘৰৰ সমুখ বাগিছাৰে আছে ভৰি, আৰু দেখিছো মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি, বহু দেশে দেশে গৃহদাস দেখি চিন্তিত হওঁ বৰ, মনৰ মানুহ বহুতেই দেখো ঘৰতেই হৈছে পৰ, সেয়ে মই যাযাবৰ সেয়ে মই যাযাবৰ, ধৰাৰ দিহিঙে-দিপাঙে লৱৰো নিবিছাৰি নিজা ঘৰ সেয়ে মই যাযাবৰ মই এটি যাযাবৰ…. মই এটি যাযাবৰ ধৰাৰ দিহিঙে-দিপাঙে লৱৰো নিবিছাৰি নিজা ঘৰ…. Lyrics of 4th song আ আ আ আ….. কহুঁৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাৱটি, এটি এটি ক্ষণ যেন মুকুতাৰে ধন, এনেয়ে হেৰুৱালে নাহে উভটি, কহুঁৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাৱটি…. আ আ আ আ….. নীলা আকাশৰ একোটি তৰা, হথাতে খহি সাৱতে ধৰা ঘিত্ মিত্ এন্ধাৰৰ নিমাত ৰাতি, নীলা আকাশৰ একোটি তৰা হথাতে খহি সাৱতে ধৰা ঘিত্ মিত্ এন্ধাৰৰ নিমাত ৰাতি, এটি এটি ক্ষণ যেন এটি এটি পণ, এনেয়ে হেৰুৱালে নাহে উভটি, কহুঁৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাৱটি….. পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই ক্ষণটি, পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই ক্ষণটি, অনন্ত সময়ৰ সাগৰ খনিত অনন্ত সময়ৰ সাগৰ খনিত, চঞ্চল কূলাহলে ভাঙে ঘুমটি, অ’ বলীয়া মোৰ কিয় উচাতন কালিৰ সূৰুযে আনি দিব পুৱাটি, কহুঁৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাৱটি, এটি এটি ক্ষণ যেন মুকুতাৰে ধন, এনেয়ে হেৰুৱালে নাহে উভটি ৷ Lyrics of 5th song সাগৰ সংগমত কতনা সাঁতৰিলো তথাপিটো হোৱা নাই ক্লান্ত…. সাগৰ সংগমত… সাগৰ সংগমত… সাগৰ সংগমত কতনা সাঁতৰিলো তথাপিটো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত, মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰ নাই আজি অন্ত, অজস্ৰ লহৰে নৱ-নৱ গতিৰে আনি দিয়ে আশা-অফুৰন্ত, সাগৰ সংগমত…. প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত, নৱ- নৱ সৃষ্টি দৈত্য-দানৱে কৰে নিষ্ঠুৰ আঘাত ও বিশ্ৰান্ত, সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত, সাগৰ সংগমত…. ধ্বংসৰ আঘাতক দিছে আজি সংঘাত সৃষ্টিৰ সেনানী অনন্ত, সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত, সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত, সাগৰ সংগমত…. গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংসক কৰে দিগ্ ভ্ৰান্ত, অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত, সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত, সাগৰ সংগমত…. সাগৰ সংগমত কতনা সাঁতৰিলো তথাপিটো হোৱা নাই ক্লান্ত…. #bhupenhazarikasong #assamesesong #bhupenhazarika

Comment