কৃষ্ণ,
জয় গুৰু শঙ্কৰ ।
শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু।
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু।।
সকলোৰে পদকমলত প্ৰণিপাত জনাই, সকলোৰে আশীষ নিৰ্মালী শিৰত লৈ মহাপুৰুষ জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অপূৰ্ব সংস্কৃতিক সৃষ্টিৰাজি লগতে অসমীয়া লোককৃষ্টি সমূহ প্ৰচাৰ কৰাই আমাৰ মূল উদ্দেশ্য।। আধ্যাত্মিকতাৰ অবিহনে আমাৰ সকলো শূন্য।। সেয়েহে আমি সকলোৱে আমাৰ নৱ প্ৰজন্মক স্কুলীয়া শিক্ষা লগতে মহাপুৰুষ দুজনাৰ সৃষ্ট সাহিত্য সংস্কৃতি লগত সৰুৰে পৰা পৰিচয় ঘটাবলৈ যত্নপৰ হব লাগে। আমি এই চেনেলটি জৰিয়তে তাৰে কিছু কিছু অংশ মাজে সময়ে দাঙি ধৰিবলৈ যত্ন কৰিম। আশা কৰো সকলোৱে আমাক আশীৰ্বাদ কৰিব প্ৰদান আৰু এই চেনেলটি আগবাঢ়ি যোৱাত সহায় কৰিব।