টুপচিঙা পথাৰত ৰাজীৱ শদিয়াক শ্ৰদ্ধাঞ্জলি
আমাৰ ব্যক্তিগত অনুভৱ ও শুভেচ্ছা জ্ঞাপন-------
কালি শদিয়াৰ টুপচিঙা পথাৰত ৰাজীৱ শদিয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমৰ বিভিন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা লাখ লাখ অসম আৰু অসমীয়াক ভাল পোৱা ৰাইজলৈ আমাৰ সশ্ৰদ্ধ সেৱা জনালোঁ। জীবিত কালত নোৱাৰিলেও মৃত্যুৰ পিচত ৰাজীবে অসমীয়া জাতিটোক ঐক্যবদ্ধ কৰি গল।
শদিয়াবাসী ৰাইজৰ হৈ উদযাপন সমিতিয়ে লাখ লাখ মানুহক যি মৰম দিলে সি অভূতপূৰ্ব। ইমান সুন্দৰ এটা আয়োজন কৰাত উদযাপন সমিতিক টুপচিঙা ৰাইজ আৰু টুপচিঙা যুৱক সংঘৰ সদস্য সকলে সকলো প্ৰকাৰে সহায় সহযোগ কৰি যি দৰে কষ্ট স্বীকাৰ কৰিলে তাৰ বাবে সকলোৱে ধন্যবাদৰ পাত্ৰ। এনে কাৰ্য্যই জাতীয়তাবাদক শক্তিশালী কৰিব।
ৰাজীৱৰ আদ্যশ্ৰাদ্ধৰ পৰা অসমৰ শিল্পী সাহিত্যিক সকলে শিক্ষা লোৱা উচিত বুলি মই ভাবো। শিল্পীৰ সৃষ্টিৰ কৰে খাটি খোৱা জনতাই। গতিকে সদাই সেই জনতাৰ পক্ষত থিয় হৈ গীত গাবলৈ চেষ্টা কৰক। আপোনাৰ গীতৰ দ্বাৰা জনগনে যাতে জিয়াই থকাৰ প্ৰেৰণা পাই। সামাজিক চেতনা যাতে গঢ়ি উঠে। সাহিত্যিক সকলেও জনতাৰ পক্ষত থিয় হৈ সাহিত্যি সৃষ্টি কৰক। যি সাহিত্যিত খাটি খোৱা জনতাৰ সুখ দুখ প্ৰতিফলিত হয়।
জাতীয় সংগঠন বোৰেও সদায় সমাজৰ শোষিত নিষ্পেষিত জনতাৰ পক্ষত থিয় দিব লাগে।
আমাৰ প্ৰাক্তন সশস্ত্ৰ সৈনিক সকললৈও আহ্বান--- আহক আমি জীয়াই থকা দিন কেইটা জাতিটোৰ স্বাৰ্থত নিজকে সমৰ্পণ কৰো আৰু এখন সুন্দৰ আত্মনিৰ্ভৰশীল সমাজ গঢ় দিও।
কালিৰ দিনটোত আমাক সামাজিক হবলৈ, জাতিৰ পক্ষত সদাই কাম কৰিবলৈ শিক্ষা দি গল।
হে ৰাজীৱ শদিয়া তুমি নিদ্ৰাত থকা অসমীয়া জাতিক পূণৰ জগাই দিলা। তোমাৰ গীতেৰে স্বাভিমানী অসমীয়াক পুণৰ জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ কৰিলে।
তোমাক সশ্ৰদ্ধ প্ৰণাম।