বাবা তাৰক নাথ ধামত শ্ৰীশ্ৰী শিৱৰাত্ৰী পূজা উদ্যাপন । ২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষৰ ব্যাপক প্ৰস্তুতি।
২৬ ফেব্ৰুৱাৰীৰ মহা শিৱ চতুৰ্দ্দশী দিনা হাজাৰ হাজাৰ ভক্তক আদৰিবলৈ সাজু হৈছে বাবা তাৰক নাথ ধাম পৰিচালনা সমিতি আৰু জাগাৰা পূৱ চুবুৰী ৰাইজ।
নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ জাগাৰা পূৱ চুবুৰীত অইন বাৰৰ দৰে বাবা তাৰক নাথ ধামত ২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰী শিৱৰাত্ৰী পূজাৰ ৰূপালী জয়ন্তী বৰ্ষৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। বুধবাৰৰে পৰা বাবা তাৰক নাথ ধামৰ শ্ৰীশ্ৰী মহা শিৱৰাত্ৰী পূজা ৰাতিপুৱা পৰিৱেশ স্বচ্ছতাৰে আৰম্ভ হ'ৱ ৷ ইয়াৰ পিছত ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব ৰূপালী জয়ন্তী বৰ্ষ উদ্যাপন সমিতিৰ সভাপতি হিতেশ দাসে, ৯ বজাত বাবা তাৰক নাথ ধামৰ ২৫ বছৰৰ ২৫ খন পতাকা মূখ্য উত্তোলক বাবা তাৰক নাথ ধামৰ প্ৰতিস্থাপক সভাপতি সম্ভু শীল সহিতে স্থানীয় বিশিষ্ট ব্যাক্তি সকলৰ দ্বাৰা উত্তোলন কৰিব, মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব ৰূপালী জয়ন্তী বৰ্ষৰ সেচ্ছাসেৱক বিভাগৰ সভাপতি শৈলেন দাসে। ১০ বজাত স্থানীয় মহিলা সকলৰ দ্বাৰা বিশ্ব শান্তিৰ বাবে অখণ্ড দিহা নাম পৰিৱেশন কৰাৰ পিছত ৩ বজাত প্ৰতিমা স্থাপন কৰিব। সন্ধিয়া ৫ বজাত পূজা আৰম্ভ হ'ৱ, ইয়াৰ পিছত নলবাৰীৰ বলোৱাৰ পুলেন দাসৰ নাগাৰা নামৰ দলৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰিব। সন্ধিয়া বিশ্ব শান্তিৰ বাবে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হৱ ৷ মূখ্য প্ৰজ্বালক হিচাবে বন্তি প্ৰজ্বলন কৰিব জাগাৰাৰ বিশিষ্ট সমাজকৰ্মী নৰেন শীলে। ইয়াৰ পিছত আতজবাজী প্ৰদৰ্শন, ৰাজহুৱা ভোগ বিতৰণ, একক নৃত্য প্ৰতিযোগীতা, চুবুৰীৰ জী-জোৱাই সন্মিলন অনুস্থিত হ'ৱ। বৃহস্পতিবাৰে সামৰণি পৰিব লগা বাবা তাৰক নাথ ধামৰ শ্ৰীশ্ৰী মহা শিৱৰাত্ৰী ৰূপালী জয়ন্তী বৰ্ষৰ সন্ধিয়া কমাৰকুছিৰ ভনিতা বৈশ্যৰ নাগাৰা নামৰ দলৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন শেষ হোৱাৰ পিছত নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হব ৷ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব জাগাৰাৰ বিশিষ্ট সমাজকৰ্মী হেমন্ত ডেকাই ৷ এই অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কন্ঠ শিল্পী অসীম আৰু মেঘনা ভূঞাঁই।
৷ বাবা তাৰক নাথ ধামৰ মহা শিৱৰাত্ৰী ৰূপালী জয়ন্তী বৰ্ষৰ সকলো কাৰ্যসূচীত সংস্কৃতিবান তথা ধৰ্মপ্ৰান ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা আৰু উপস্থিতি বাবা তাৰক নাথ ধাম পৰিচালনা সমিতিয়ে শ্ৰদ্ধাৰে কামনা কৰিছে ৷