জাপাৰকুছি মইপুৰৰ বিশিষ্ট নামতী ইত্যাদি A To Z ৰ কাৰ্যবাহী সম্পাদক ননীগোপাল বৰ্মনৰ মাতৃ ৰেনু বৰ্মনৰ ৰ আজি ৰাতিপুৱা ৩ বাজি ১৫ মিনিটত নলবাৰী মেডিকেল কলেজত পৰলোকপ্ৰাপ্তি হয় ।
নলবাৰীৰ জাপাৰকুছি মইপুৰ নিবাসী বিশিষ্ট নামতী ৰেনু বৰ্মনে পৰিয়ালত লৰা চাৰিজন আৰু ছোৱালী এজনীৰ লগতে কেইবাজনো নাতিনাতিনী ইহসংসাৰত এৰি থৈ যায় ।
সমাজৰ হিত চিন্তাকৰা বিশিষ্ট নামতী গৰাকীৰ বিয়োগত জাপাৰকুছি অঞ্চলত শোকৰ ছাঁ পৰে ।