অসম্ভৱকো সম্ভৱ কৰি গৌৰৱ কঢ়িয়াই অনা এগৰাকী মাতৃ
এগৰাকী অদমনীয় মনোবলৰ অধিকাৰী এই অসম জীয়ৰী
এবছৰত ৬৪খন দেশ অকলে মটৰচাইকেলেৰে কৰিলে ভ্রমণ
যোৱা বছৰৰ ১৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা
এই বছৰৰ ২২ ডিচেম্বৰত সফল সামৰণি পেলালে অভিযানৰ
ফিটনেছ ট্রেইনাৰ, ৰাইডাৰ, ইউটিউবাৰ হিচাপে কিছু জনাজাত আছিল তেওঁ
হঠাৎ এটা অকল্পনীয় সপোনে বাহ পাতে মীনাক্ষী দাসৰ মনত
সেই সপোন পূৰণ কৰিবলৈ মীনাক্ষীয়ে কৰিলে অসম্ভৱক সম্ভৱ
মাটি বন্ধকত দি ওলাই পৰিছিল সপোনৰ অভিযানত
সপোন পূৰাবলৈ ঘৰত এৰি গৈছিল কিশোৰী কন্যাক
স্বামীৰ সৈতে থৈ গৈছিল ৯ম শ্ৰেণীৰ ছাত্ৰীগৰাকীক
অভিযানৰ পথত সন্মুখীন হৈছিল বহু প্ৰতিবন্ধকতাৰ
বৰফৰ পথত দুৰ্ঘটনা, যুদ্ধৰ ছিটিকনি, বাইকৰ ব্রেকডাউন...
ধূলিৰ ধুমুহা, হাতত ধন নথকাত নিঃস্ব অৱস্থা...
এবছৰে বিভিন্ন দেশৰ জিভাত জুতি নলগা খাদ্য...
অকলে মহিলা হিচাপে বাইক চলোৱাৰ অসুবিধা আদি
একোৱেই তলাব নোৱাৰিলে অসম সাহসী অসম কন্যাক
৩৭১ দিনত পৰিক্রমা কৰিলে ৬৫ হাজাৰ কিলোমিটাৰৰ পথ
অসমক বিশ্বদৰবাৰত উজলাই গুৱাহাটীলৈ উভতিল মীনাক্ষী
দুঃসাহসী মীনাক্ষীৰ অজেয়, অতৃপ্ত আত্মাৰ কাহিনীৰে আজিৰ ‘দৰবাৰ’
এই ৰোমাঞ্চকৰ অভিযানৰ কাহিনীয়ে আপোনাকো কৰিব আলোড়িত
বিশেষকৈ মহিলা সমাজক মীনাক্ষীৰ কাহিনীয়ে কৰিব অনুপ্রাণিত
মীনাক্ষীয়ে NKTVৰ ষ্টুডিঅ’ত জনাব তেওঁৰ মেটমৰা অভিজ্ঞতা
এগৰাকী গৃহিণীয়ে কেনেকৈ কৰিব পাৰে পৃথিৱী জয়?
প্রৱাসৰ ভিন্নপ্রান্তত কি বিচিত্র অভিজ্ঞতা হ’ল ৰাইডাৰ মীনাক্ষী দাসৰ?
যাত্রাৰ কালত বিবাহৰ প্রস্তাৱ কোনে দিছিল মীনাক্ষীক?
জানিবলৈ চাওক আজিৰ ‘দৰবাৰ’ আৰম্ভণিৰ পৰা শেষলৈ
Consulting Editor প্রণয় বৰদলৈৰ সৈতে আজিৰ ‘দৰবাৰ’